Q.বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত ‘ৰাগ – বসন্ত’ত বন্ধ বৰগীতটি এটি ভক্তি ৰসাত্মক কবিতা। এই বৰগীতটি জৰিয়তে কবি মাধৱদেৱে পৰমাৰ্থক বিষয়ক ভাব ব্যক্ত কৰিছে। কবিয়ে নিজকে অধম বুলি হৰিস্বৰূপ শ্ৰীকৃষ্ণক এই বিশ্বব্ৰক্ষাণ্ডৰ গৰাকী বুলি জ্ঞান কৰি তেওঁক শ্ৰীচৰণত শৰণ লৈছে। কবিমতে এই সংসাৰখন মায়াময়। এই সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। তেওঁক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা মানুহে নুবুজে। তেওঁ শ্ৰীকৃষ্ণৰ চৰণ দুখনিক মহাধন বুলি কৈছে। ভকতসকলৰ বাবে শ্ৰীকৃষ্ণই হৈছে তেওঁলোকৰ জীৱন। ভগৱানে এই সকলোবোৰ ভূলভ্ৰান্তি ক্ষমা কৰি তেওঁলোকক নিজ চৰণত ঠাই দিয়ে। কপাৰ স্বৰূপ শ্ৰীকৃষ্ণই ভক্তসকলক দয়া নকৰিলে তেওঁলোকৰ মুক্তি সম্ভৱ নহয়। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অতিকৈ কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে ভক্তৰ অন্য কোনো উপায় নাই।