অৰ্থনীতি বিজ্ঞান প্ৰথম অধ্যায়

 

প্ৰথম অধ্যায়                       অৰ্থনীতি বিজ্ঞান প্ৰথম অধ্যায় 

মুদ্ৰা আৰু বেংক ব্যৱস্থা



 

অতি চমু উত্তৰৰ প্ৰশ্ন-

)বিনিময় প্ৰথা কি ?

উত্তৰসামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই - বিনিময় প্ৰথা 

) মুদ্ৰা কি ?
উত্তৰবিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্যসম্পাদন কৰা যিকোনো সামগ্ৰীয়ে সম্পদ ǀ

)মুদ্ৰাৰ এটা কাৰ্য উল্লেখ কৰা ǀ
উত্তৰমুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ হয় ǀ

) অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া ǀ
উত্তৰচেক মুদ্ৰা ǀ

) প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি ?
উত্তৰ- পূৰ্বতে ১০০ টকাৰ কাগজী মুদ্ৰা ১০০ টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল ǀ এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক (সোণ বা ৰূপৰ প্ৰতিনিধি)বা পৰিবৰ্তনীয় কাগজী মুদ্ৰা বোলা হৈছিল ǀ

) বেংক কি ?

 উত্তৰবেংক এটা অৰ্থনৈতিক প্ৰতিষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে ǀবেংকে সঞ্চৰ পৰা সঞ্চয় সংগ্ৰহ কৰে সংগৃহীত সঞ্চয় ঋণ লওঁতা সকললৈ আগবঢ়ায় ǀ

) ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্হাপিত হৈছিল ?
উত্তৰ১৯৩৫ চনত

) চলিত আমানত কি ?
উত্তৰএক সঞ্চয় ব্যৱস্হা, যত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে মিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে ǀ

 চমু উত্তৰৰ প্ৰশ্ন-

) সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?
উত্তৰঅভাৱ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয় ǀ উদাহৰণস্বৰূপে  আৰু  দুজন ব্যক্তি ǀ   আলু উৎপাদন কৰে আৰু ধান বিচাৰিছে  ধান উৎপাদন কৰে আৰু আলু বিচাৰিছে ǀ এই ক্ষেত্ৰত  আৰু  মাজত অভাৱৰ সংগতি আছে আৰু সেয়েহে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে ǀ যদি  অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহব ǀ উদাহৰণস্বৰূপে  দাইল বিচাৰিছে তেতিয়া   লগত তেওৰ বিনিময় নহব 

) মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা ?
উত্তৰ- মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি ǀ সেয়ে মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলিব পাৰি ǀ

) মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয় ?
উত্তৰমুদ্ৰাৰ কোনটো সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে- সাধাৰণ গ্ৰহণযোগ্যতা ǀ
বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক সকলোৱে গ্ৰহণ কৰে ǀ  সকলোৰে মাজত পৰিচিত আৰু সকলোৱে তাৰ ব্যৱহাৰ জানে ǀ

) মুদ্ৰাৰ তাৰল্য গুণ কি ?
উত্তৰ-যি কোনো মুদ্ৰা সমমূল্যৰ  সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়,ইয়ে মুদ্ৰাৰ তাৰল্য গুণ ǀ

)মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী –বাখ্যা কৰা ǀ
উত্তৰআমাৰ চাৰিওফালে দুই প্ৰকাৰৰ সামগ্ৰী উপলব্ধ হৈ থাকে ǀ এবিধ মুক্ত আৰু আনবিধ আৰ্থিক সামগ্ৰী ǀ মুক্ত সামগ্ৰী বোৰ হৈছে দৰ পোহৰ,পানী,বতাহ ; যিবোৰৰ বাবে আমি কোনো মূল্য পৰিশোধ কৰিব নালাগে ǀআনহাতে আৰ্থিক সামগ্ৰীসমূহৰ মূল্য আছে ,সিবোৰ বজাৰত বেচা- কিনা হয় ǀসকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ǀ সেয়ে মুদ্ৰাক সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী  বোলে  ǀ

)সসীম বিহিত আু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি ?
উত্তৰযি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি ,সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা ǀ এই মুদ্ৰা নাথাকিলে লেনদেনত অসুবিধা হয় ǀ যেনে- কোনো এজন ব্যক্তিয়ে এডৰা ভূমি ক্ৰয় কৰিছে ǀভূমিডৰাৰ মূল্য ১০ লাখ টকা ǀভূমি ক্ৰয় কৰোতাজনে ১০ লাখ টকা কম মূল্যৰ মুদ্ৰা ৰূপত আদায় দিলে ,বিক্ৰী কৰোতাজনৰ অসুবিধা হব ǀ গতিকে কম মূল্যৰ কাগজী বা ধাতুৰ মুদ্ৰা এই ক্ষেত্ৰত সীমিত বা সসীম বিহিত মুদ্ৰা হব ǀ অধিক মূল্যৰ মুদ্ৰা হব  অসীম বিহিত মুদ্ৰা ǀ এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি ǀ

) আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে ?
উত্তৰ- আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যবোৰ হৈছে-

Ø বেপাৰী ,মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাওঁবাসীলৈ অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়ে ǀ
Ø গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা ǀ

) অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ ?

উত্তৰ-

বেংক প্ৰতিষ্ঠান

অনা বেংক

চেকৰ ব্যৱহাৰ হয় ǀ

চেকৰ ব্যৱহাৰ নহয় ǀ

বীমা আঁচনি থাকে ǀ

বীমা আঁচনি নাথাকে ǀ

সঞ্চয়ৰ নিৰাপত্তা থাকে ǀ

সঞ্চয়ৰ নিৰাপত্তা নাথাকে ǀ

 

দীঘল উত্তৰৰ প্ৰশ্ন-

 ) বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা বাখ্যা কৰা ǀ

 উত্তৰ- ) সংগতিহীন অভাৱ
অভাৱ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয় ǀ উদাহৰণস্বৰূপে ’ আৰু ’ দুজন ব্যক্তি ǀ ‘’  আলু উৎপাদন কৰে আৰু ধান বিচাৰিছে ; ‘’  ধান উৎপাদন কৰে আৰু আলু বিচাৰিছে ǀ এই ক্ষেত্ৰত ’ আৰু ’ মাজত অভাৱৰ সংগতি আছে আৰু সেয়েহে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে ǀ যদি  অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহব ǀ উদাহৰণস্বৰূপে ’ দাইল বিচাৰিছে তেতিয়া ’  লগত তেওৰ বিনিময় নহব ǀ

 ) হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ

         বিনিময় প্ৰথাত বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত ǀ প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব ǀ যেনে টা আমৰ সমান ৩টা বগৰী ǀ কিন্তু আমৰ এই বিনিময় হাৰ কেৱল এটাই যে এটাই হব তাৰো নিশ্চয়তা নাথাকে  ǀ বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বিপৰীতে বিনিময়ৰ হাৰ থাকিব লাগিব ǀ বজাৰলৈ ওলাই যোৱা ব্যক্তি এজনে সেই সকলো বোৰ বিনিময়ৰ হাৰ মনত ৰাখিব লাগিব ǀ সেইয়া অসম্ভৱ কথা ǀ

 

) বিভাজনীয়তাৰ অভাৱ

          কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু গোটত ভাগ কৰিব নোৱাৰি ǀ বিনিময় প্ৰথাত এই সামগ্ৰীবোৰে প্ৰক্ৰিয়াটো সম্পাদন কৰাত অসুবিধাৰ সৃষ্টি কৰে ǀ যেনে- এজন মানুহৰ এজনী ছাগলী আছে আৰু তেওঁক এক কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে, তেনে অৱস্হাত ছাগলীজনী সৰু সৰু অংশত ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহয় ǀ

 

) মূল্যৰ ভাণ্ডাৰৰ অভাৱ

          বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লগা হৈছিল ǀ সামগ্ৰী বোৰ বেছিদিন সাঁচি ৰাখিব নোৱাৰি ,নষ্ট হৈ যায় ǀ

 

) মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য বাখ্যা কৰা।

উত্তৰমুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য হৈছে-

) মুদ্ৰাৰ সাধাৰণ গ্ৰহণ যোগ্যতা থাকিব লাগে নহলে বিনিময়ৰ মাধ্যম হব নোৱাৰে ǀ

) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হব লাগিব ǀ আন সকলো সাগগ্ৰীতকৈ বেলেগ হব লাগিব ǀ মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহলে সামগ্ৰী বেচা কিনাৰ সময়ত জটিলতাই দেখা দিব ǀ

) মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী নোৱাৰে ǀ মাছ,কণী, গাখীৰ,ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হব নোৱাৰে ǀ কাৰণ এইবোৰ সামগ্ৰী বেছি দিন নিটিকে ǀ

) মুদ্ৰা তাৰল্য গুণ থাকিব লাগিব ǀ যিকোনো মুদ্ৰা সমসূল্যৰ  সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হলেই মুদ্ৰাৰ তাৰল্য গুণ আছে বুলিব লাগিব ǀ

 

) মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য বাখ্যা কৰা 

 উত্তৰ-মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য হৈছে-

() বিনিময়ৰ মাধ্যম

          বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল ǀ মুদ্ৰা ব্যৱস্হাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয় ǀ ধান উৎপাদন কৰা ব্যক্তি এজনে বজাৰত ধান বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ নিজৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰে ǀ

() সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী

          মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী ,কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ǀ

() স্হগিত দেনা পাওনাৰ মান

          কিছুমান সামগ্ৰী বেচা কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয় ǀ ঋণৰ ক্ষেত্ৰত ঋণ লওঁতাই ঋণ পৰিশোধ কৰোতে সময় লয় ǀ এনেবোৰ ক্ষেত্ৰত ধন আদায় প্ৰক্ৰিয়াটো তৎকালিন নহয়, প্ৰক্ৰিয়াটো স্হগিত কৰি ৰখা হয় ǀ সকলোবোৰ স্হগিত দেনা পাওনাৰ মান মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ǀ

() মূল্য ভাণ্ডাৰ

          মুদ্ৰা ব্যৱস্হাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি ǀ অৰ্থাৎ মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলিব পাৰি ǀ

) চেক এখন মুদ্ৰা নে ? তোমাৰ উত্তৰ সপক্ষে যুক্তি দেখুওৱা ǀ

উত্তৰ-

          চেক এখন মুদ্ৰা হব নোৱাৰে ǀ  এটা আদেশ হে ǀ চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে ǀউদাহৰণস্বৰূপে ব্যক্তি এজনে দোকানৰ পৰা এবস্তা চাউল কিনিছে ǀ এতিয়া মূল্য বা দাম পৰিশোধ কৰাৰ ক্ষেত্ৰত তেওঁ যদি দোকানজনলৈ মূল্যটো লিখি এখন চেক দোকানীজনলৈ আগবঢ়ায় দিয়ে তেন্তে সেই চেকখন দোকানীজনে গ্ৰহণ নকৰিবও পাৰে ǀ চেক খনক সাধাৰণতেন নিকটমুদ্ৰা অৰ্থাৎ ধনাদেশ বুলিব পাৰি ǀ সেইখন বেংকত দিয়াৰ পিছতহে ধন হাতলৈ আহে ǀ

 

) মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা বাখ্যা কৰা ǀ

উত্তৰ- মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো চাৰিটা প্ৰধান অসুবিধা হৈছে-

() মুদ্ৰাৰ মূল্যৰ স্হিৰতা নাথাকিলে সমস্যাৰ সৃষ্টি হয় ǀমূদ্ৰাৰ মূল্য অৱিৰত ভাৱে কমি গলে মানুহৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিব লগীয়া হয় ǀ

() মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ আহিলা হব পাৰে ǀইয়াৰ ফলত সমাজত অৰ্থনৈতিক বৈষম্য বৃদ্ধি পাব পাৰে ǀ

() মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰো অৱক্ষয় ঘটাব পাৰে ǀ মুদ্ৰাক লৈ সমাজত দুৰ্নীতি,অনিয়ম,অবিচাৰৰ সৃষ্টি হব পাৰে ǀ

() মুদ্ৰাৰ পৰা লা মুদ্ৰাৰ সৃষ্টি হয় ǀ লা মুদ্ৰা প্ৰকৃততে এক অৰ্থনৈতিক অপৰাধ ǀ ব্যক্তি বা প্ৰতিষ্ঠানে লুকাই চোৰকৈ অনিয়মত টকা পইচা বা ধন সম্পত্তি জমা কৰাই লা মুদ্ৰা ǀ

 

) কেন্দ্ৰীয় বেংকেৰ চাৰিটা প্ৰধান কাৰ্য বাখ্যা কৰা ǀ

উত্তৰ- কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য -

 

() কাগজী মুদ্ৰা ছপা কৰা

          কেন্দ্ৰীয় বেংকৰ বাদে আন কোনো বেংকৰ কাগজী মুদ্ৰা ছপা কৰাৰ কতৃত্ব নাই ǀকেন্দ্ৰীয় বেংকে দেশৰ প্ৰয়োজন অনুসৰি কাগজী মুদ্ৰা ছপা কৰে ǀ

 

()আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰা

          কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে ǀএই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ ǀবাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে ǀ কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্হাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকৰ ঋণপ্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে ǀ

 

() বেংক সমূহৰ বেংক

          কেন্দ্ৰীয় বেংকে আন বেংকসমূহৰ হিচাপ নিকাচসমূহ পৰীক্ষা কৰে ǀ কেন্দ্ৰীয় বেংক অন্য বেংকবোৰৰ বাবে বিপদৰ বন্ধু ǀ আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্হল ǀ

 

() চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা

          বাজেটত ঘাটিয়ে দেখা দিলে  তাক দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহাৰ্য লয় ǀ কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহাৰ্য আগবঢ়ায় ǀ  চৰকাৰৰ পৰামৰ্শদাতাও ǀ চৰকাৰৰ আয় নীতি,ৰাজহ নীতি, বাণিজ্য নীতিৰ বিষয়ে কেন্দ্ৰীয় বেংকে পৰামৰ্শ আগবঢ়ায় ǀ চৰকাৰৰ প্ৰতিনিধি হিচাপে সকলো চৰকাৰী আয় ব্যয়ৰ হিচাপ ৰাখে ǀ

 

) বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্ৰধান কাৰ্য বাখ্যা কৰা ǀ

 

উত্তৰঃ বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে ǀএই সঞ্চয় তিনি প্ৰকাৰৰ ǀ

)চলিত আমানত , ) স্হিৰ আমানত , ) সঞ্চয় আমানত

চলিত আমানত হল এনে এক সঞ্চয় ব্যৱস্হা, যত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে ǀস্হিৰ আমানত হল এনে এক সঞ্চয় ব্যৱস্হা, যত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় উলিয়াই আনিবলৈ হলে বেংক কৰ্তৃপক্ষক আগতীয়াকৈ জনাব লাগিব ǀ সঞ্চয় আমানত হল এনে এক সঞ্চয় ব্যৱস্হা, যত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে সঞ্চয়ৰ এটা অংশ নিজৰ ইচ্ছানুযায়ী উলিয়াই আনিব পাৰে আৰু আনটো অংশ উলিয়াবলৈ  হলে বেংক কৰ্তৃপক্ষক আগতীয়াকৈ জনাব লাগিবǀ

        বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে ǀ কৃষক, উদ্যোগপতি, কাৰিকৰ    ঠেলাচালক,    ৰিক্সাচালক আদিকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে এই বংকৰ পৰা ঋণ লাভ কৰে ǀ

 

) তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ বাখ্যা কৰা ǀ

()আই ডি বি আই

()আঞ্চলিক গ্ৰাম্য বেংক

()ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক

()ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক

 

() উত্তৰআই ডি বি আই

আই ডি বি আই বা ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ কাৰ্যাৱলী-
() ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহাৰ্য আগবঢ়ায়
(
)ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা ǀএই বেংকটোৱে উদ্যোগ সমূহলৈ ঋণ আদিৰ ৰূপত প্ৰত্যক্ষভাৱে আৰ্থিক সাহাৰ্য আগবঢ়ায় ǀবেংকটোৱে পৰোক্ষভাৱেও উদ্যোগ সমূহলৈ ঋণ আগবঢ়ায় ǀযেনে- বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম,ঔদ্যোগিক উন্নয়ন নিগম ,বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহাৰ্য আগবঢ়ায় ǀ এই অনুষ্ঠানসমূহে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহাৰ্য আগবঢ়ায় ǀ
(অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ উদ্যোগসমূহলৈ ৰেহাই সুদৰ হাত ঋণ আগবঢ়ায়
(
) বেংকটোৱে প্ৰশিক্ষণৰ জড়িয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয় ǀ

 

() উত্তৰ- আঞ্চলিক গ্ৰাম্য বেংক  

আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যবোৰ হৈছে-

() বেপাৰী ,মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাওঁবাসীলৈ অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়ে ǀ

() গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা ǀ

 

() উত্তৰৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক

 

          ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক বা নাবাৰ্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ হৈছে-

() গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হল নাবাৰ্ড ǀ

() ঋণ প্ৰদান প্ৰক্ৰিয়া,আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা,প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণ বাবে নাবাৰ্ডে ব্যৱস্হা লয় ǀ

() সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান.ভাৰত চৰকাৰ,ৰাজ্য চৰকাৰ,ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সম্বন্বয় ৰক্ষা কৰে ǀ



 

() উত্তৰভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক

 

ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ কাৰ্যসমূহ হৈছে-
() ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্হা কৰা
(
) ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা দিয়া ǀ
() অৰ্ধ নগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্হা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিঃগমন ৰোধ  কৰা  ǀ
(ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক,সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ অৰ্থ সাহাৰ্যআগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ সাহাৰ্য আগবঢ়োৱা ǀ

 

------Partha Pratim Hazarika------

অৰ্থনীতি বিজ্ঞান প্ৰথম অধ্যায় অৰ্থনীতি বিজ্ঞান প্ৰথম অধ্যায় Reviewed by Saba question and answer on July 26, 2023 Rating: 5
'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();
Theme images by enjoynz. Powered by Blogger.