অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। শুদ্ধ উত্তৰটো বাছি উলিওৱা: (মূল্যাংক -১)

১। অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল— [HSLC 2017]

(ক) ১৮৪০ চনত (খ) ১৮৪৩ চনত (গ) ১৮৪১ চনত (ঘ) ১৮৪৫ চনত

উত্তৰঃ (খ) ১৮৪৩ চনত।

২। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল- [HSLC 2018, 2020]

(ক) জিউৰাম দুলীয়া বৰুৱাক (খ) পিয়লি বৰুৱাক

(গ) গোমধৰ কোঁৱৰক (ঘ) দুতিৰাম বৰুৱাক।

উত্তৰঃ (খ) পিয়লি বৰুৱাক।

৩। তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্রথাৰ বিলুপ্তি ঘটাইছিল? [HSLC 2019]

(ক) ১৮৪৩ চনত (খ) ১৮৬০ চনত (গ) ১৮৫৭ চনত (ঘ) ১৮৬৩ চনত

উত্তৰঃ (ক) ১৮৪৩ চনত।

৪। অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল?

[HSLC 2022]

(ক) মণিৰাম দেৱান (খ) পিয়লি বৰুৱা

(গ) মহাত্মা গান্ধী (ঘ) আনন্দৰাম ঢেকিয়াল ফুকন

উত্তৰঃ (ঘ) আনন্দৰাম ঢেকিয়াল ফুকন

৫। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল? [HSLC 2022]

(ক) ১৯৩৫ চনৰ আগষ্ট মাহত

(খ) ১৯৪৫ চনৰ জুলই মাহত

(গ) ১৯৪৬ চনৰ মাৰ্চ মাহত

(ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত

উত্তৰঃ (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক -১):

প্রশ্ন ১। কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল ? [HSLC 2019]

উত্তৰঃ ১৮৪৩ চনত।

২। অসমত ফুলগুৰিৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল ? এই বিদ্ৰোহৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।

[HSLC 2011]

উত্তৰঃ অসমত ফুলগুৰিৰ কৃষক বিদ্রোহ ১৮৬১ চনৰ অক্টোবৰ মাহত সংঘটিত হৈছিল। এই বিদ্ৰোহৰ দুটা প্ৰধান কাৰণ হ’ল-

(i) পাণৰ ওপৰত বহুওৱা কৰ।

(ii) ১৮৬০ চনৰ মে’ মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত থলুৱাভাৱে আফু খেতি কৰি কানি উৎপাদন কৰাটো নিষিদ্ধ কৰা হৈছিল।

প্রশ্ন ৩। ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত কিয় ব্ৰিটিছ বিৰোধী বিদ্রোহ সংঘটিত হৈছিল? [HSLC 2010]

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পিছত নামনি অসমখন কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাৰ বাবে অসমত ব্ৰিটিছ বিৰোধী বিদ্রোহ সংঘটিত হৈছিল।

প্রশ্ন ৪। উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসকলে কিয় ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম সংগঠিত কৰিছিল? [HSLC 2012]

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসকলে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্রাম সংগঠিত কৰা ৪ টা কাৰণ হৈছে—

(ক) প্ৰতিৰোধ সংগ্রাম কঠোৰ হাতেৰে দমন কৰা।

(খ) ব্ৰিটিছৰ সম্প্ৰসাৰণবাদী নীতি।

(গ) ব্ৰিটিছে প্ৰৱৰ্তন কৰা বিভিন্ন প্ৰকাৰৰ কৰ।

(ঘ) জনজাতীয় লোকসকলৰ মাজত ধৰ্মীয় আৰু পৰম্পৰাগতভাৱে চলি অহা সত্ৰানুষ্ঠানবোৰৰ ওপৰত প্ৰৱৰ্তন কৰা নিষেধাজ্ঞা।

প্রশ্ন । বাহাদুৰ গাঁওবুঢ়া ফমুড আলিক কোনে ব্ৰিটিছ বিৰোধী কাম কাজৰ বাবে গ্ৰেপ্তাৰ কৰিছিল ? তেওঁলোক কোন জে’লত কাৰাবন্দী আছিল? [HSLC 2015]

উত্তৰঃ কেপ্তেইন হলৰইডে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোক আন্দামান নিকোবৰ জে’লৰ কাৰাবন্দী আছিল।

প্রশ্ন ৬। অসমত ১৮৫৭ চনৰ বিদ্ৰোহ বিফল হোৱাৰ তিনিটা কাৰণ লিখা। [HSLC 2015,2022]

(ক) বিদ্রোহত জনসাধাৰণৰ সমৰ্থন নাছিল।

(খ) জনসাধাৰণৰ মাজত গোপন ষড়যন্ত্র চলিছিল।

(গ) বিদ্ৰোহ পৰিকল্পিত আৰু সংগঠিত নাছিল।

প্রশ্ন ৩৫। অসমত কৃষক বিদ্ৰোহত ‘ৰাহজমেল’ৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। [HSLC 2022]

উত্তৰঃ ব্ৰিটিছ শাসনৰ ভূমিনীতি, বৰ্ধিত ৰাজহ আদিৰ প্ৰতিবাদত প্ৰজা সংগঠিত হোৱাত ৰাইজমেলসমূহৰ বিশিষ্ট ভূমিকা আছিল৷ এই ৰাইজমেলসমূহৰ জৰিয়তে ৰাইজে আলোচনা-বিলোচনা কৰি সংগঠিত হৈ ফুলগুৰি ধাৱা, পথৰুঘাটৰ ৰণ আদি কৃষক বিদ্রোহ সংঘটিত কৰাৰ বাবে এক গোট হৈছিল। এই ৰাইজমেল সমূহৰ জৰিয়তে কামৰূপ, দৰং আৰু নগাঁৱৰ বিভিন্ন স্থানলৈ এই বিদ্রোহ বিয়পিছিল। ৰাইজমেলসমূহৰ জৰিয়তে ৰাইজে ব্ৰিটিছলৈ পত্ৰ পঠাই প্রতিবাদ জনাইছিল।

ৰচনাধৰ্মী প্রশ্নোত্তৰ (মূল্যাংক – ৪/৫)

প্রশ্ন ১। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱসমূহ চমুকৈ লিখা। [HSLC 2020]

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহে অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্রদান কৰিছিল৷ সেয়েহে ১৮৫৭ চনৰ বিদ্রোহে অসমতো প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত কিছুমান লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই তেওঁলোকৰ সহায়ত ইংৰাজক খেদি আহোম ৰাজপৰিয়ালৰ এজন কোঁৱৰক অসমৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল । উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল অসমত তেতিয়া ইংৰাজ সৈন্যৰ দুটা ৰেজিমেণ্ট আছিল। এই ৰেজিমেণ্টৰ সৈন্য, শিৱসাগৰ আৰু চৈখোৱাত থকা ছাউনীৰ সৈন্যৰ মাজত কিছু অসন্তুষ্টিৰ সৃষ্টি হৈছিল। ‘ফাষ্ট আসাম লাইট ইনফেন্ট্ৰী’ৰ নুৰ মহম্মদ জামাদাৰ আৰু ৰুস্তম সিং জামাদাৰ আৰু অন্যান্য চিপাহী সকলে যোৰহাটলৈ গৈ তাত চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহৰ সৈতে গোপনে মিলিত হৈ বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। সেই মতে আগন্তুক দুৰ্গা পূজাৰ সময়তে আৰু মণিৰাম দেৱান কলিকতাৰ পৰা অসমলৈ ঘূৰি আহি পোৱাৰ লগে লগেই বিদ্ৰোহ আৰম্ভ হ’ব।

প্রশ্ন ২। ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব সম্পর্কে চমুকৈ লিখা। [HSLC 2017]

উত্তৰঃ ব্ৰিটিছ চৰকাৰে যদিও ফুলগুৰি ধাৱাক কানি খোৱা খেতিয়কৰ চৰকাৰৰ আফু খেতি বন্ধকৰণৰ প্ৰতিবাদত কৰা এক সামান্য বিদ্ৰোহ বুলি অভিহিত কৰিছিল, কিন্তু অসমৰ ইতিহাসত এই বিদ্ৰোহৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ দেখা যায়। এই বিদ্ৰোহৰ গুৰুত্বসমূহ হ’ল—

(ক) প্ৰথমতে, ফুলগুৰি কৃষক বিদ্ৰোহত ঘাইকৈ লালুং জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্রদান কৰে। কৃষকসকলে অন্যান্য শ্ৰেণীৰ লোকৰ পৰাও সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল। কিয়নো মাটিৰ খাজনা বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা শিক্ষিত আৰু অসমীয়া মধ্যবিত্ত শ্রেণী, ব্যৱসায়ী, মৌজাদাৰ কিছুমানে পৰোক্ষভাৱে হ’লেও বিদ্রোহীসকলক সহায়-সমৰ্থন কৰিছিল। তদানীন্তন অসমৰ কমিছনাৰ হপকিনছনে স্বীকাৰ কৰিছিল যে তেজপুৰৰ দ্বিতীয় লাইট ইনফেন্ট্ৰিৰ ৫০ জন সৈন্য আৰু গুৱাহাটীৰ ৮০ জন সৈন্য আনি বিদ্ৰোহটো দমন নকৰা হ’লৈ বিদ্ৰোহটো সম্প্ৰসাৰিত হৈ গৈ থাকিলহেঁতেন। সেই অৱস্থাত ইয়াক দমন কৰাটো কঠিন হ’লহেঁতেন। সামাগ্রিকভাৱে এই বিদ্রোহ সফল হৈছিল বুলি ক’ব পাৰি, কিয়নো বিদ্ৰোহৰ পিছত চৰকাৰে আৰু কেতিয়াও তামোল পাণ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল।

(খ) দ্বিতীয়তে, ফুলগুৰি বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কৱলৰপৰা মুক্ত হোৱা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিদর্শন আছিল। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত অসমৰ আহোমৰ ৰাজতন্ত্ৰৰ অধীনৰ অভিজাত শ্ৰেণীৰ কিছু লোক যিসকলে ব্ৰিটিছ শাসনৰ অধীনত আগৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈছিল তেওঁলোকে বিদ্রোহত যোগ দিছিল।

প্রশ্ন ৩। ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা। [HSLC 2018 ]

উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ দিনাখন ৰঙিয়া বজাৰ লুট-পাতেৰে কৃষক বিদ্ৰোহৰ আৰম্ভণি হয়। ৩০ ডিচেম্বৰৰ দিনা ৰঙিয়া আৰু তাৰ ওচৰৰ কেইবাশ কৃষকে ৰঙিয়া আৰু তামুলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু-লাঞ্ছনা কৰে। ইয়াৰ উপৰিও ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ ধ্বংস কৰি লগতে মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি- পত্র লুট কৰিছিল। কৃষকসকলে মাৰোৱাৰীৰ উপস্থিতিয়ে ভূমি ৰাজহ বৃদ্ধিত অৰিহণা যোগাইছিল বুলি ভাবিছিল। চৰকাৰে ৩০ ডিচেম্বৰ তাৰিখে পৰিস্থিতি নিয়ন্ত্রণ কৰিব পাৰ্টিছিল যদিও পুলিচে কোনো কৃষক নেতাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰিব পৰা নাছিল। ১৮৯৪ চনৰ ৮ জানুৱাৰীৰ দিনা পুলিচে ১৫ জন কৃষকক এখন ৰাইজমেলৰ পৰা গ্রেপ্তাৰ কৰে। ১০ ডিচেম্বৰ তাৰিখে ৰঙিয়া থানাৰ ওচৰত প্ৰায় ৩০০০ কৃষক বিভিন্ন মৌজাৰ পৰা আহি গোট খাইছিল। উপায়ুক্ত মেক কেবেই তেওঁলোকক আঁতৰি যাবলৈ আদেশ দিয়াৰ পিছতো তেওঁলোক সেই স্থানৰপৰা আঁতৰা নাছিল। আবেলি কৃষকসকল ৰঙিয়া থানাৰ আৰু কাষ চাপি আহিছিল যাতে উপায়ুক্তই খাজনাৰ হাৰ কমোৱাৰ কিবা জাননী দিয়ে তাৰ আশাৰে। কৃষকসকলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেওঁলোকৰ সহকর্মী সকলক মোকলাই দিয়াটো দাবী কৰিছিল। উপায়ুক্তই বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৃষকসকলৰ মাজৰ পৰা এজন প্ৰতিনিধি বিচাৰিলে। কিন্তু কৃষকসকলে একেলগে আমি বৰ্ধিত হাৰত খাজনা নিদিওঁ বুলি চিঞৰি উঠিছিল। তেতিয়া কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা কৰাত উপায়ুক্ত মেককেবে আৰক্ষীক গুলি চলাবলৈ নিৰ্দেশ দিয়ে। ফলত কৃষকসকল প্রস্থান কৰিবলৈ বাধ্য হ’ল। মেক কেবে ১০ জানুৱাৰী তাৰিখে এখন জাননী যোগে উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নির্দেশ দিলে। সেই সময়তে উপায়ুক্তই কৃষকসকলৰ মাজৰপৰাই স্থানীয় লোক এজনক আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দি ৰায়তৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰে আৰু লগতে চৰকাৰৰ খাজনা জমা দিবলৈ তেওঁলোকক মান্তি কৰোৱায়। উপায়ুক্তৰ এই ব্যৱস্থাই ৰঙিয়াৰ কৃষকে চৰকাৰক জমা দিবলগীয়া ৯০,০০০ টকাৰ প্রথম কিস্তিৰ প্ৰায় ৬০,০০০ টকা জমা দিয়ে। কিন্তু ব্ৰিটিছৰ এই দমনমূলকনীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত কৰাৰ পৰা আঁতৰত ৰাখিব পৰা নাছিল। নলবাৰী, বৰ্মা, বজালী আদিৰ কৃষক ৰাইজে আগৰ দৰে চৰকাৰৰ ৰাজহ সংগ্ৰহত বাধা প্ৰয়োগ কৰিছিল ।

প্রশ্ন ৪। ১৮২৮ চনৰ পৰা ১৮৩০ চনলৈ ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত অসমত হোৱা ৰাজনৈতিক বিদ্রোহ লানিৰ বিষয়ে উল্লেখ কৰা। [HSLC 2014]

উত্তৰঃ প্রথম ইংগ-বৰ্মী যুদ্ধৰ অন্তত নামনি অসমখন কোম্পানীৰ ৰাজ্যৰ সৈতে চামিল কৰাত একাংশ আহোম ডা-ডাঙৰীয়াসকলৰ ধৈৰ্যচ্যুতি ঘটিছিল আৰু তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল। নামনি অসমক কোম্পানীৰ ৰাজ্যৰ সৈতে স্থায়ীৰূপে চামিলকৰণৰ কেইমাহমানৰ ভিতৰতে ধনঞ্জয় নামে পূৰ্বৰ বৰগোহাঁই এজনৰ নেতৃত্বত ভালেমান আহোম ডা-ডাঙৰীয়াই গমধৰ কোঁৱৰক সিংহাসনত বহুৱাই আহোম ৰাজতন্ত্ৰৰ পুনৰ উত্থানত ব্ৰতী হৈ পৰিছিল। গোমধৰ কোঁৱৰ আহোম ৰাজ পৰিয়ালৰ সন্তান আছিল।

১৮২৮ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত ধনঞ্জয় বৰগোহাঁইকে আদি কৰি বিদ্রোহী ডা- ডাঙৰীয়াসকলে যোৰহাটৰ উত্তৰ-পূব দিশত বছা নামে ঠাইত সকলো ৰাজকীয় মর্যাদাবে আৰু বাইলুংসকলৰ পূজা-অৰ্জনা আৰু মন্ত্র ধ্বনিৰ মাজেৰে গোমধৰ কোঁৱৰক ৰজা পাতিলে। ওচৰ-পাজৰৰ গাঁওসমূহৰ লোকৰ সমৰ্থনত ব্ৰিটিছৰ বিৰুদ্ধে খাজনা বন্ধৰ বাবে প্ৰচাৰ চলোৱা হ’ল। ইয়াৰ সমসাময়িকভাৱে অৰ্থ আৰু অস্ত্র-শস্ত্র সংগ্রহ কবি এটি সেনাবাহিনী গঠন কৰি তাৰ সহায়ত ব্ৰিটিছৰ হাতৰপৰা ৰংপুৰ উদ্ধাৰ কৰাৰ বাবেও তেওঁলোকে প্রস্তুতি চলালে। সেই কাৰ্য বাস্তৱত ৰূপায়িত কৰিবলৈ ১৮২৮ চনৰ নৱেম্বৰ মাহৰ শেষৰ ফালে তেওঁলোকে মৰিয়ণীৰ ফালে যাত্ৰা কৰিছিল।

মৰিয়ণীতে লেফ্‌টানেণ্ট ৰাডাৰফোর্ডে ব্ৰিটিছ বাহিনী এটিৰ নেতৃত্ব লৈ বিদ্রোহীসকলক বাধা প্ৰদান কৰে। আনহাতে পলিটিকেল এজেন্ট নিউরিলো ইতিমধ্যে আহি ৰংপুৰত উপস্থিত হয় আৰু অত্যন্ত ক্ষিপ্ৰতাৰে প্ৰতি-আক্ৰমণৰ ব্যৱস্থা কৰি বিদ্রোহীসকলক ছত্রভংগ কৰে। বিদ্রোহীসকলৰ নেতা ধনঞ্জয় বৰগোহাঁই আৰু তেওঁৰ পুত্ৰ হৰনাথ ব্ৰিটিছৰ হাতত

ধৰা পৰে৷ আন কিছুমানে পলাই গৈ মটক ৰাজ্যত আশ্ৰয় লয়। উপায় বিহীন হৈ গোমধৰ কোঁৱৰেও নৱেম্বৰ মাহত ৰাডাৰফোৰ্ডৰ ওচৰত আত্মসমর্পণ কৰে। কোম্পানীৰ চৰকাৰে যোৰহাটত বৰপঞ্চায়ত পাতি এই বিদ্রোহীসকলৰ বিচাৰ কৰিছিল। পঞ্চায়তে গমধৰ কোঁৱৰক দেশদ্রোহিতাৰ অপৰাধত মৃত্যুদণ্ড বিহিছিল, কিন্তু তেওঁ নাবালক হোৱাত কেপ্তেইন নিউৱিলে তেওঁক মৃত্যুদণ্ডৰপৰা ৰেহাই দি সাত বছৰৰ বাবে কাৰাবাসৰ আদেশ দি তাক কাৰ্যকৰী কৰিছিল। গোমধৰ কোঁৱৰক বংগদেশৰ ৰংপুৰত নি তাতে কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তাৰ পিছত গমধৰ কোঁৱৰ সম্পৰ্কত ইতিহাস নিমাত। গোমধৰ কোঁৱৰেই আছিল অসমত বিদেশী ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰি কাৰাজীৱন কটোৱা প্ৰথমজন ৰাজনৈতিক বিদ্রোহী ব্যক্তি।

বিদ্ৰোহৰ অন্যতম সংগঠক আৰু অংশীদাৰ ধনঞ্জয় বৰগোহাঁইকো বৰপঞ্চায়তে মৃত্যুদণ্ডৰে দণ্ডিত কৰি জেইলত ৰাখিছিল, পিছে তেওঁ কেনেবাকৈ জেইলৰপৰা পলাই নগা পাহাৰৰ ফালে গুচি যায় ৷ এইদৰে অসমত সামন্তীয় ডা-ডাঙৰীয়াসকলৰ উদ্যোগত বিদেশী ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগঠিত স্বাধীনতা সংগ্ৰামৰ প্ৰথমটো পৰ্ব ব্যৰ্থতাত সমাপ্তি হয়। ১৮২৮ চনৰ বিদ্ৰোহটো ব্যৰ্থ হোৱাৰ পিছত গদাধৰ সিংহ নামে আহোম কোঁৱৰ এজনৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অসমত ব্ৰিটিছ শাসনৰ অৱসান ঘটাই আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে অন্য এক বিদ্রোহ সংগঠিত কৰা হৈছিল। এই বিদ্রোহ ১৮২৯ চনত সংঘটিত হৈছিল। অসমৰপৰা ব্ৰিটিছ শাসন উচ্ছেদ কৰি আহোম ৰাজতন্ত্র পুনৰ প্ৰতিষ্ঠাৰ বাবে তৃতীয়টো বিদ্রোহ সংঘটিত কৰা হৈছিল ১৮৩০ চনৰ প্ৰায় আৰম্ভণিৰেপৰা । প্ৰথমটো বিদ্ৰোহৰ সংগঠকৰূপে আত্মপ্রকাশ কৰা ধনঞ্জয় বৰগোহাঁই আছিল এই তৃতীয়টো বিদ্ৰোহলো সংগঠক। প্ৰথমটে৷ বিদ্ৰোহত ব্ৰিটিছৰ হাতত ধৰা পৰি জেইলত থাকোঁতে তাৰপৰা তেওঁ পলাই গৈ নগা পাহাৰৰ পিনে আশ্রয় লৈ আছিল। পাছত মটক ৰাজ্যলৈ গৈ তাত থকা অন্যান্য সহযোগীৰ সৈতে মিলিত হৈছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে এটি ব্যাপক বিদ্রোহ সংঘটিত কৰাৰ কামত ব্ৰতী হৈ পৰিছিল। এইবাৰ তেওঁৰ সহযোগীসকল আছিল তেওঁৰ তিনিজন পুত্ৰ হৰনাথ, হৰকান্ত আৰু হেমনাথ – আৰু তেওঁৰ জোঁৱাই জিউৰাম দিহিংগীয়া বৰুৱা, বদন বৰফুকনৰ পুত্ৰ পিয়লি বৰফুকন, শদিয়াখোৱা গোহাঁই, বম চিংফৌ আদি। এওঁলোক আটায়ে ৰূপচন্দ্ৰ কোঁৱৰ নামেৰে লোক এজনক ৰজা পাতি অসমত আহোম ৰাজতন্ত্ৰৰ পুনৰুত্থানৰ আঁচনি কৰিছিল। তেওঁলোকৰ এই কাৰ্যৰ প্ৰতি সমর্থন দিবলৈ মটক তথা মোৱামৰীয়াসকলৰ বৰসেনাপতি, খামতি, চিংফৌ, খাচী, গাৰো, নগা আদি জনগোষ্ঠীৰ প্রধানসকললৈ আবেদন জনাইছিল। মটক তথা মোৱামৰীয়া ৰাজ্যৰ মতিবৰ বৰসেনাপতিৰ পুত্ৰ এজনে বিদ্রোহীসকলক সমৰ্থন কৰিছিল । বিদ্রোহ আৰম্ভ কৰাৰ আগতে বিদ্রোহীসকলে ‘দেও পূজা’ সম্পন্ন কৰিছিল। তাৰ পিছত তেওঁলোকে ৰংপুৰ দখল কৰাৰ অভিপ্রায়েৰে ৰংপুৰৰ পিনে ধাবমান হৈছিল। তেতিয়া ৰংপুৰত মাত্র ব্ৰিটিছৰ এজন জামাদাৰৰ সৈতে ৩০ জনমান সৈনিক বা চিপাহী আছিল।

এই চিপাহীসকলে জামাদাৰ্জনৰ নেতৃত্বত বিদ্রোহীসকলক প্রতিহত কৰি তেওঁলোকৰ আক্ৰমণ ব্যৰ্থ কৰি তুলিছিল। এনে অৱস্থাতে ১৮৩০ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে শদিয়াখোৱা গোহাঁইয়ে বিদ্রোহীসকলৰ প্ৰতি বিশ্বাসঘাতকতা কৰি হৰনাথক কৰায়ত্ত কৰে আৰু তেওঁক উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্তেইন নিউৱিলৰ হাতত চমজাই দিয়ে ৷ তেওঁৰ লগতে বিদ্রোহীসকলে তেওঁলৈ পঠিওৱা গোপন চিঠি-পত্ৰখিনিও নিউৱিলৰ ওচৰত দাখিল কৰিছিল। এনে বিপৰ্যয়ৰ মাজতো ২৫ ফেব্ৰুৱাৰী তাৰিখে প্রায় চাৰি শতাধিক বিদ্রোহীয়ে ৰংপুৰত ব্ৰিটিছ ছাউনীৰ ওপৰত এক প্রচণ্ড আক্রমণ চলাইছিল। কোম্পানীৰ চৰকাৰৰ চিপাহীসকলে এই আক্ৰমণো প্রতিহত কৰে আৰু বিদ্রোহীসকলক যথেষ্ট দূৰলৈ খেদি পঠিয়ায়। কেপ্তেইন নিউৱিলে পূৰ্বৰেপৰা গেলেকীত মোতায়েন কৰি ৰখা ‘আসাম লাইট ইন্‌ফেণ্ট্ৰী’ৰ দল এটিক বিদ্রোহীসকলৰ বিৰুদ্ধে পঠিয়ায়। এই দলটোৰ হাতত বিদ্রোহীসকল বিষমৰূপে পৰাভূত হয় আৰু তেওঁলোকৰ ভালেমান নেতা ব্ৰিটিছৰ হাতত ধৰা পৰে। কিন্তু ধনঞ্জয় বৰগোহাঁই নগা পাহাৰৰ পিনে পলাই গৈ তাতে আশ্রয় লয় ৷ কোম্পানীৰ চৰকাৰে এইদৰে প্ৰায় মাৰ্চ মাহৰ (১৮৩০) ভিতৰতে এই বিদ্রোহো দমন কৰি তেওঁলোকৰ শাসন পুনৰ নিষ্কণ্টক কৰে। উল্লেখযোগ্য যে এই বিদ্রোহ মষিমূৰ কৰাত অসমীয়া অভিজাত শ্ৰেণীৰ তথা উদীয়মান মধ্যবিত্ত শ্ৰেণীৰ— মাধৱৰাম বৰগোহাঁই আৰু মণিৰাম বৰভাণ্ডাৰ বৰুৱা আদি— একাংশ লোকে কোম্পানীৰ চৰকাৰক সমর্থন দিছিল।

বিচাৰ কৰি বিদ্ৰোহৰ নেতাসকলক শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছিল। বম চিংফৌ, জিউবান পূৰ্বৰ দৰে এইবাৰো যোৰহাটত বৰপঞ্চায়ত (সদৰ দেৱানী পঞ্চায়ত) পাতি তাৰ জৰিয়তে দিহিংগীয়া বৰুৱা, পিয়লি বৰফুকন, ৰূপচন্দ্ৰ কোঁৱৰ, হৰনাথ আদিক ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ’ল। এই বিদ্রোহীসকলৰ ক্ষেত্ৰত সর্বশেষ সিদ্ধান্ত লৈছিল গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট ডেভিট স্কটে, তেওঁ বৰপঞ্চায়তৰ সিদ্ধান্তৰ ব্যাপক সাল সলনি ঘটাইছিল। তেওঁৰ সিদ্ধান্ত মৰ্মে পিয়লি বৰফুকন আৰু জিউৰাম দিহিংগায়া বৰুৱাক তৎকালেই ফাঁচী দিয়া হৈছিল আৰু বাকীসকলক ১৪ বছৰকৈ কাৰাবাসৰ আদেশ দি ঢাকা কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰিছিল। লগতে তেওঁলোকৰ সা-সম্পত্তিও বাজেয়াপ্ত কৰিছিল। লানি কোম্পানীৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল যদিও ই সম্পূৰ্ণৰূপে ব্যর্থ হোৱা ১৮২৮ চনৰপৰা ১৮৩০ চনলৈ উপর্যুপৰি সংঘটিত হোৱা এই ৰাজনৈতিক বিদ্রোহ নাছিল। ব্ৰিটিছ বিৰোধী এইলানি ৰাজনৈতিক বিদ্ৰোহৰ অৱধাৰিত পৰিণতি আছিল ১৮৩০ চনত উজনি অসমত পুৰন্দৰ সিংহৰ সিংহাসন প্রাপ্তি আৰু আহোম ৰাজতন্ত্ৰৰ পুনৰ স্থাপন। গতিকে সেই ফালৰপৰা চালে বিদ্রোহ অথলে যোৱা নাছিল। তদুপৰি এই লানি বিদ্রোহ পৰৱৰ্তীকালত অন্যান্য বিদ্রোহীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎসৰূপে পৰিগণিত হৈছিল।

অতিৰিক্ত প্রশ্নোত্তৰ অতিৰিক্ত প্রশ্নোত্তৰ Reviewed by Saba question and answer on September 12, 2023 Rating: 5
'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();
Theme images by enjoynz. Powered by Blogger.