প্রশস্তি কবিতাটোৰ class 10

 

 প্রশস্তি কবিতাটোৰ মূলভাৱ লিখা

উত্তৰঃ- `প্ৰশস্তি' কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে যত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু, পানী, মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি। যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ত `অমৃতৰ সন্তান' সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্য্যই। কৰবাৰ পৰা ভাহি আহিছে কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাহান। সেই আবাহনী সুৰ যি সুৰ অন্তঃ কৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তবৃদ্ধক মোহ - মায়া ত্যাগ কৰি ধ্যানময় হবলৈ কবিয়ে কৈছে।

 

প্রশস্তি কবিতাটোৰ class 10  প্রশস্তি কবিতাটোৰ  class 10 Reviewed by Saba question and answer on July 28, 2023 Rating: 5
'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();
Theme images by enjoynz. Powered by Blogger.