SCIENCE Chapter 6


 


Chapter 6

জীৱন

প্ৰক্ৰিয়া





1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয়?

 

উত্তৰঃ মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ শৰীৰৰ সকলো কোষেই চৌপাশৰ পৰিৱেশৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাই।গতিকে, ব্যাপন প্ৰক্ৰিয়া এনে জীৱৰ প্ৰতিটো কোষৰ অক্সিজেনৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত নহয়।



2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম?

 

উত্তৰঃ কোনো এটা জীৱ জীৱিত নে মৃত তাক তলত দিয়া চৰ্তসমূহ ব্যৱাহৰ কৰি ঠাৱৰ কৰিম-

(ii) খাদ্যগ্ৰহণ (ii) বৃদ্ধি (iii) শ্বসন (iv) চলালল (v) প্ৰজনন



3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়।

 

উত্তৰঃ জীৱ দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে কিছুমান কেঁচা সামগ্ৰী বহিঃ পৰিৱেশৰ পৰা আহৰণ কৰে।যিহেতু পৃথিৱীত বসবাস কৰা জীৱবিলাক কাৰ্বন সংযুক্তি অণুৰ ওপৰত নিৰ্ভৰশীল সেয়েহে সহৰখিনিক খাদ্যৰ উৎস কাৰ্বনভিত্তিক।



4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?

 

উত্তৰঃ অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ - পৰিপুষ্টি,শ্বসন,পৰিবহন আৰু ৰেচন।



প্ৰশ্নাৱলীঃ

 

1.স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?

 

উত্তৰঃ

স্বপোষিত পুষ্টি

পৰপোষিত পুষ্টি

(1) স্বপোষিত পুষ্টিত জীৱই বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্ৰী আহৰণ কৰি নিজৰ খাদ্য নিজে প্ৰস্ত্তত কৰি লয়।

(1) পৰপোষিত পুষ্টিত জীৱ এটাই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

(2) স্বপোষিত পুষ্টি অকল একপ্ৰকাৰৰ।

(2) পৰপোষিত পুষ্টি বেলেগ বেলেগ প্ৰকাৰৰ পাৰে।

 

3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?

 

উত্তৰঃ পাকস্থলীৰ পৰা নিঃসৰণ হোৱা হাইড্ৰক্লৰিক এছিডৰ (HCl)  ভূমিকাà

(i) পাকস্থলীত HCl যে আম্লিক মাধ্যমৰ সৃষ্টি কৰি প্ৰটিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্ৰিয়াত সহায় কৰে।

(ii) HCl য়ে খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে।



4. পাচক উৎসেচকৰ কাৰ্য কি?

 

উত্তৰঃ পাচক ৰসত থকা উৎসেচক সমূহে খাদ্য পাচনত সহায় কৰে।পাচক ৰসৰ সহায়ত জটিল,শোষণ অযোগ্য খাদ্যৰে উৎপাদনবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয়।



5. শোষণ পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?

 

উত্তৰঃ সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়।ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰৱৰ্ধক থাকে যাক ভিলাই বোলে।ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তঃ আৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে।ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আৱেষ্টিত থাকে।এই ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে।কোনে ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু পূৰণা কলাবোৰে মেৰামতি কৰে।



প্ৰশ্নাৱলীঃ



1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি?

 

উত্তৰঃ শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলচৰ জীৱতকৈ সুবিধা এয়ে যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহুত বেছি।স্থলচৰ প্ৰাণীয়ে শ্বসনত বায়ুমণ্ডলৰ পৰা পোনপটিয়াকৈ অক্সিজেন গ্ৰহণ কৰে কিন্ত জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত অক্সিজেনহৈ শোষণ কৰে।সেয়ে জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয়।



2.কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক উৎপন্ন হয়?

 

উত্তৰঃ গ্লুক জাৰিত হোৱাৰ উপায়



3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন-ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?

 

উত্তৰঃ মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহন তেজৰ দ্বাৰা সংঘটিত হয়।তেজৰ লোহিত ৰক্ত কণিকাত থকা শ্বাসৰঞ্জক হিমগ্লবিনে অক্সিজেন কঢ়িয়ায়।আনহাটে,পানীত বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ গুণত, কাৰ্বন ডাই অক্সাইড তেজত দ্ৰৱীভূত অৱস্থাত পৰিৱাহিত হয়।





2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?

 

উত্তৰঃ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক।এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে।এই উদ্দেশ্যত, স্তন্যপায়ী আৰু পক্ষীৰ শৰীৰত অক্সিজেনযুক্ত আৰু অক্সিজেনৰহিত তেজক পৃথক কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয়।




3. উচ্চখাপৰ উদ্ভিদৰ পৰিৱহণ তন্ত্ৰৰ অংগসমূহ কি কি?

 

উত্তৰঃ অংগসমূহ

(i) জাইলেম আৰু

(ii) ফ্লোৱেম



4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?

 

উত্তৰঃ উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিৱহণ জাইলেম কলাৰ মাজেৰে সংঘটিত হয়।জাইলেম কলাৰ নলীকাবিলাকে উদ্ভিদৰ শিপা,কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ পৰাকৈ এটা সংবহন সূতিৰ সৃষ্টি কৰে।শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে।ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে।সেয়ে এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে।ফলত,শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰৱাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে।



5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহণ ঘটে?

 

উত্তৰঃ উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ফ্লোৱেম কলাৰ দ্বাৰা ঘটে।জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয় বুলি বৰ্ণনা কৰিব পাৰি যদিও ফ্লৱেমৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা্ খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয়।চুক্ৰজৰ দৰে পদাৰ্থবিলাক ফ্লৱেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে AT P পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে।ইয়াৰদ্বাৰা ফ্লৱেমৰ আসুতি চাপৰ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে।এই চাপৰ সহায়ত পদা্থবিলাক কম চাপযুক্ ফ্লৱেম কলালৈ গতি কৰে।ফলত উদ্ভিদৰ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ খাদ্যৰ সংবহণ ঘটে।



2. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?

 

উত্তৰঃ উৎপন্ন হোৱা মূত্ৰৰ পৰিমাণ তলত দিয়া কাৰক দুটাই নিয়ন্ত্ৰণ কৰে-

(i) শৰীৰত থকা অতিৰিক্ত পানীৰ পৰিমাণ।

(ii) বৰ্জনযোগ্য দ্ৰৱীভূত ৰেচনজাতীয় পদাৰ্থৰ পৰিমাণ।

 

অনুশীলনীঃ

1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ-

 

(a) পৰিপুষ্টি

 

(b) শ্বসন

 

(c) ৰেচন

 

(d) পৰিবহন

 

উত্তৰঃ c) ৰেচন



2. উদ্ভিদৰ দেহত জাইলেমৰ কাম -

 

 

(a) পানীৰ পৰিবহন

 

(b) খাদ্যৰ পৰিবহন

 

(c) এমিন’ এছিডৰ পৰিবহন

 

(d) অক্সিজেনৰ পৰিবহন

 

উত্তৰঃ (a) পানীৰ পৰিবহন



3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়-

 

(a) কাৰ্বন ডাই অক্সাইড আৰু পানী

 

(b) পত্ৰহৰিৎ

 

(c) সূৰ্যৰ পোহৰ

 

(d) ওপৰৰ আটাইকেইটা

 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা



4. পাইৰুভেট অণু ভাঙি কাৰ্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-

 

(a) চাইটপ্লাজমত

 

(b) মাইটকন্ড্ৰিয়াত

 

(c) ক্লৰপ্লাষ্টত

 

(d) কোষকেন্দ্ৰত

 

উত্তৰঃ (b) মাইটকন্ড্ৰিয়াত



5. পাচনত লালটিৰ ভূমিকা কি?

 

উত্তৰঃ লালটিত থকা লালটি এমাইলেজ নামৰ উৎসেচকবিধে শ্বেতসাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে।লালটিৱে খাদ্যক পিছল কৰি তাক গ্ৰাহনলীয়ে পৰিবহন হোৱাত সহায় কৰে।









10. 
মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা।ইয়াৰ প্ৰয়োজন কি?

উত্তৰঃ জীৱন প্ৰক্ৰিয়া চলাৰ বাবে অধিক শক্তিৰ প্ৰয়োজন।সেয়েহে শৰীৰৰ বিভিন্ন কোষত অক্সিজেনযুক্ত তেজৰ পৰিবহন দৰকাৰ।অৰ্থাৎ শক্তিৰ কাৰণে দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজন।


 



SCIENCE Chapter 6 SCIENCE Chapter 6 Reviewed by Saba question and answer on July 20, 2023 Rating: 5
'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();
Theme images by enjoynz. Powered by Blogger.