.png)
দশম শ্ৰেণী/সমাজ বিজ্ঞান
ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান (প্ৰথম অধ্যায়)
ভাৰতীয় গণতন্ত্ৰ
অতি চমু উত্তৰৰ প্ৰশ্ন
১) ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল।
উত্তৰ:- শ্ৰমিক দল ǀ
২) কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰ:- ১৯৪৬ চনৰ মাৰ্চ মাহত।
৩) সংবিধান সভাৰ প্ৰথম সভা পতি কোন আছিল ?
উত্তৰ:- ডঃ সচিদানন্দ সিংহ।
৪) খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি ?
উত্তৰ:- ড ̊ বি আৰ আম্বেদকাৰ।
৫ ) সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?
উত্তৰ:- ৪২ তম সংশোধনী ।
৬) ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?
উত্তৰ:- Foedus শব্দৰ পৰা আহিছে ।
৭) যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক বোলা হয় ।
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰক।
৮) ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?
উত্তৰ:- নাই।
৯) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?
উত্তৰ:- ইংলেণ্ডৰ সংবিধানৰ পৰা।
চমু উত্তৰৰ প্ৰশ্ন
১) ব্ৰিটিছ চৰকাৰে কেবিনেট মিচনক কিয় ভাৰতলৈ পঠাইছিল ?
উত্তৰ:- ভাৰতবর্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে কেবিনেট মিছনক ভাৰতবৰ্ষত পঠিওৱা হৈছিল।
২) ১৯৪৭ চনত ১৫ আগষ্ট পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰত ৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনৰখন কোনে প্ৰস্তুত কৰিছিল ?
উত্তৰ:- ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন ǀ
এই আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল।
৩) প্ৰস্তাৱনাত "আমি ভাৰতীয় জনসাধাৰণে"বুলি কিয় উল্লেখ কৰা হৈছে ?
উত্তৰ:- কাৰণ সংবিধানখনৰ প্ৰকৃত ৰচক ভাৰতীয় জনগণ । সংবিধান ভাৰতীয় জণগণৰ বাবেই তৈয়াৰ কৰা হৈছে আৰু জনগণেই ইয়াৰ অন্তঃনিহিত শক্তি ǀ
৪) সাৰ্বভৌম মানে কি ?
উত্তৰ:- সাৰ্বভৌম হৈছে-
• ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা
• এটা নিৰ্দিষ্ট ভূখণ্ডত নিজ ববীয়া , সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা অৱস্হা..
• আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্হা ǀ
৫) কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত 'সমাজবাদী'আৰু 'ধৰ্মনিৰপেক্ষ'শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰ:- ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৪২ তম সংশোধনী ǀ
৬) ‘অৰ্ধ যুক্তৰাষ্ট্ৰ’ কাক বোলে ?
উত্তৰ:- যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্হাত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যৰ লগতে একান্তক চৰকাৰৰ বৈশিষ্ট্যও দেখা যায় তাক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বোলে ।
৭) কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ:- "১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন" ǀ
দীঘল উত্তৰৰ প্ৰশ্ন :-
১)ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ?
উত্তৰ- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হল সংবিধানৰ পাতনি ǀ ইয়াত সংবিধানৰ দৰ্শন,আদৰ্শ আৰু লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ হৈ আছে ǀ প্ৰস্তাৱনাটো উল্লেখিক কথাবোৰ জানিলেহে সংবিধানৰ বিষয়ে জানিব পাৰি ǀপ্ৰস্তাৱনাটোক সংবিধানখনৰ আত্মা বুলিব পাৰি ǀ
ইয়াত উল্লেখিত আদৰ্শসমূহ হৈছে- স্বাধীনতা, ন্যায় ,সমতা আৰু ভাতৃত্ববোধ ǀ
(ক) স্বাধীনতা – ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা ,মত প্ৰকাশ,ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে ǀ
(খ) ন্যায়- সংবিধানে প্ৰতিজন ভাৰতীয় লোকৰ সামাজিক,অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সুনিশ্চত কৰিছে ǀসামাজিক ন্যায় প্ৰতিষ্টাৰ বাবে জাতি ধৰ্ম আৰু বৰ্ণ ভিত্তিত খতা সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্হা লোৱা হব ǀ ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত সকলোকে এটা নিৰ্দিষ্ট বয়সৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লবলৈ সুবিধা দিয়া ৰ কথা কোৱা হৈছে ,অৰ্থনৈতিক ন্যায় প্ৰতিষ্টাৰ বাবে সমাজৰ পৰা ধনী দুখীয়াৰ শ্ৰেমী বিভাজন আতৰাবলৈ ব্যৱস্হা গ্ৰহণৰ আশ্বাস দিয়া হৈছে ǀ
(গ) সমতা- আইনৰ চকুত সকলো সমান ǀপৰম্পৰাগত সামাজিক বৈষম্যবোৰ আতৰ কৰি সকলোকে সমানে সা সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ যত্নপৰ হোৱা উচিত ǀ
(ঘ) ভাতৃত্ববোধ - ভাৰতত বাস কৰা লোকসকলে কোনেও কাকো হেয় জ্ঞান নকৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম চেনেহ আৰু ভাতৃত্ববোধৰ ভাৱ ৰখাটো দৰকাৰী ǀ
২) ‘সাৰ্বভৌম’ ,’সমাজবাদী’
,’ধৰ্মনিৰপেক্ষ’ , ‘গণতান্ত্ৰিক’
আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা ǀ
উত্তৰঃ
সাৰ্বভৌম
👉 ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা ǀ
👉 এটা নিৰ্দিষ্ট ভূখণ্ডত নিজ ববীয়া , সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা অৱস্হা..
👉 আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্হা ǀ
সমাজবাদী
👉 এটা শ্ৰেণী হীন সমাজ ব্যৱস্হা যত কোনো ধনী দুখীয়া নাথাকে
👉 উৎপাদন ব্যৱস্হা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হব
👉 সমাজবাদী ব্যৱস্হাত সম্পদৰ সমবিতৰণ হব ǀ
ধৰ্মনিৰপেক্ষ
👉 কোনো ধৰ্মক চৰকাৰী স্বীকৃতি দিয়া নহয়
👉 সকলো ধৰ্ম সমান বুলি ধৰা হয়
👉 সকলোৱে নিজ ইচ্ছানুযায়ী কোনো ধৰ্ম গ্ৰহণ আৰু প্ৰচাৰ কৰিব পাৰে ǀ
গণতন্ত্ৰ
👉 চৰকাৰ ব্যৱস্হা যত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় ǀ ইয়াৰ জড়িয়তে জনগণে তেওলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰে আৰু সেই প্ৰতিনিধিৰে গঠিত চৰকাৰে দেশ পৰিচালনা কৰে ǀ
গণৰাজ্য
👉 ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে শাসনত অধিস্হিত নহয় ǀ
👉 তেওঁক জনগণে পৰোক্ষভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত কৰে ǀ
৩) নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা ?
উত্তৰ:- সংবিধান সভাৰ প্ৰথম বৈঠকত ১৯৪৬ চনৰ১৩ ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল । ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে সংবিধান সভাই ইয়াক গ্ৰহণ কৰে ।
ইয়াৰ মূল প্ৰস্তাৱকেইটা হ'ল-
1) সংবিধান সভাই ভাৰতবৰ্ষক “স্বাধীন, সাৰ্বভৌম , প্ৰজাতন্ত্ৰ” হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ ।
2) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্য বিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব ।
3) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব ।
4) দেশত বসবাস কৰা অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব ।
5) দেশৰ স্বাধীনতা, সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব ।
6) আন্তজাতিক সু-সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জণগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ǀ
7) জনসাধাৰণক সকলো ক্ষমতাৰ অধিকাৰী কৰা হয় ǀ চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জণগণৰ পৰা ক্ষমতা লাভ কৰিব ǀ
8) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্বশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যদা লাভ কৰিব ǀ
উল্লেখযোগ্য যে নেহেৰুৰ প্ৰস্তাৱৰ আলম লৈ তথা দেশৰ হাজাৰ বছৰীয়া কৃষ্টি সভ্যতা আৰু সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতা সকলে সংবিধানৰ আদৰ্শ নিৰূপণ কৰিছিল ǀ
৪) ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ǀ
উত্তৰঃ এখন যুক্তৰাষ্ট্ৰত থাকিবলগীয়া বৈশিষ্ট্যসমূহৰ সকলোখিনি বৈশিষ্ট্যৰ উপস্হিতি ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা নাযায় ǀলিখিত সংবিধান,দুই প্ৰকাৰৰ চৰকাৰ, দ্বি-সদনযুক্ত বিধানসণ্ডল,সংবিধানৰ সৰ্বোচ্চতা ,সৰ্বোচ্চ ন্যায়ালয় ব্যৱস্হা ইত্যাদি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতত দেখা যায় ǀ তথাপি ভাৰতবৰ্ষৰ শাসনব্যৱস্হাত কিছু এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও পৰিলক্ষিত হয় ǀ সেয়ে আমাৰ ব্যৱস্হাটোক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বুলিব পাৰি ।
তাৰোপৰি, ভাৰতৰ সংবিধানৰ কতো ‘যুক্তৰাষ্ট্ৰ’ শব্দটো প্ৰয়োগ কৰা হোৱা নাই তাৰ পৰিবৰ্তে ভাৰতক এখন ‘ৰাজ্যসমূহৰ অগং’ বুলি উল্লেখ কৰা হৈছে ǀ
ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্হা নাই
অন্য যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশৰ অংগৰাজ্যবোৰ আতৰি যোৱাৰ অধিকাৰ দিয়া হোৱা নাই ǀ
যুক্তৰাষ্ট্ৰীয় ব্যৱস্হাৰ বিপৰীতে ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰ উপস্হিতি লক্ষ্যকৰা যায় ǀ সাংবিধানিকভাৱে ক্ষমতাৰ বিভাজন কৰা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অধিক কতৃত্ব দিয়া হৈছে ǀ
৫) ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত বাখ্যা আগবঢ়োৱা ǀ
উত্তৰঃ ভাৰতীয় সংসদীয় গণতন্ত্ৰ ব্যৱস্হাই জনসাধাৰণৰ ওচৰত দায়বদ্ধ এখন চৰকাৰ গঠনৰ ব্যৱস্হা কৰিছে ǀ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত ভাৰতত সংসদীয় পদ্ধতিৰ ব্যৱস্হা কৰিছিল ǀ পৰবৰ্তী সময়ত সংবিধান প্ৰণেতাসকলে সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন অনুসৰণ কৰিছিল ǀ অৱশ্যে এই ক্ষেত্ৰত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰক সম্পূৰ্ণৰূপে অনুধাৱন নকৰি ভাৰতৰ ৰাজনৈতিক,সামাজিক প্ৰেক্ষাপটত ইয়াক কিছু নতুন ৰূপত গঢ় দিছিল ǀ
ভাৰতৰ সংসদীয় গণতন্ত্ৰত বৰ্তমান তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়-
1) আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) সংসদীয় পদ্ধতিৰ চৰকাৰৰ অন্যদেশৰ দৰে বংশানুক্ৰমিক নহয় বৰঞ্চ তেওঁ পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় ǀ
2) ভাৰতত সংসদ বা সদনখন দুটা ভাগত বিভক্ত ǀএখন উচ্চসদন (আন এটা নাম ৰাজ্যসভা)আৰু আনখন নিম্নসদন(আন এটা নাম লোকসভা)ǀউচ্চসদন অংগৰাজ্যবোৰৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু নিম্নসদন জণগণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত ǀ ভাৰতৰ উচ্চসদনৰ গঠন আৰু ক্ষমতা, ইংলেণ্ডৰ উচ্চসদন হাউচ অৱ লৰ্ডচত কৈ বহু পৃথক ǀ
3) সংসদীয় পদ্ধতিৰ চৰকাৰত সংসদখন যিমান শক্তিশালী হব লাগিছিল ভাৰতত সংসদখন সিমান শক্তিশালী নহয় ǀ
BY- PARTHA PRATIM HAZARIKA
Reviewed by Saba question and answer
on
July 21, 2023
Rating: