Qno 1 - জিকিৰ কৱিতাটোৰ মূলভাৱ লিখা |
উত্তৰঃ
সংসাৰ যেন এখন সাগৰ। প্রকৃত মুছলমানেহে কেৱল আল্লাৰ কৃপাত সংসাৰ সাগৰ পাৰ হ’ব পাৰে অর্থাৎ মায়াবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে –এয়াই কবিতাটোৰ মূলভাব। মানৱ জীৱন ক্ষণস্থায়ী। শৰীৰ বা দেহ অনিত্য, ক্ষণভংগুৰ; আত্মাহে অবিনশ্বৰ। দেহ আৰু আত্মাৰ সম্পর্ক যেন সঁজা আৰু মইনাৰ সম্পৰ্কৰ দৰে। মইনা অবিহনে সজাটো যিদৰে মূল্যহীন, আত্মা অবিহনে দেহৰাে একেই অৱস্থা। আকাশৰ শােভা তিৰবিৰ তৰালিয়ে বঢ়োৱাৰ দৰে সজা শুৱনি কৰে মইনাৰ মিঠা মাতে। মইনাৰ মিঠা মাতত ভােল যায় মানুহৰ মন, একেদৰে মানৱ শৰীৰৰ ভিতৰত থকা আত্মায়াে নানা সুখবিলাসী কর্মৰ বাবে যুক্তিৰে উচটাই জীৱক মায়াত বন্দী কৰে। পাৰ্থিৱ সুখবিলাসত মগ্ন হৈ জীৱই জীৱনৰ প্রকৃত অর্থ পাহৰি যায়।নানা দুখ-দুর্দশাত ভােগে। দেহৰ সুখ বিচাৰি থাকোতেই আত্মাই এদিন দেহটোক এৰে। দৰাচলতে আত্মা থকালৈকেহে দেহটোৰ মূল্য আছে। আত্মাহীন দেহ এদিন ছাই হৈ যায় বা মাটিত মিলি যায় কেৱল এনে অনিত্য শৰীৰৰ বাবে সংসাৰৰ যন্ত্ৰণাত ভুগি থকা জীৱৰ আত্মাই মুক্তি লাভ কৰিব পাৰে কেৱল আল্লাৰ দয়াত। আল্লাক বিচাৰি পােৱাটো সাধাৰণ জীৱৰ বাবে অতি কঠিন কাম। নিজৰ অন্তর্নিহিত শক্তিৰ কথা উপলব্ধি কৰিব নােৱাৰি পানীয়ে পিয়াহত আৰু অগ্নিয়ে যিদৰে জাৰত মৰে, একেদৰে মােহাচ্ছন্ন জীৱই নিজ আত্মত বসবাস কৰা আল্লাক বিচাৰি হাবাথুৰি খায়। ওৰে জীৱন বৈষয়িক সুখত নিমজ্জিত থকাজনেও অৱশেষত আল্লাক বিচাৰি পৱিত্ৰ তীর্থ মক্কালৈ যায়। কিন্তু মক্কালৈ গৈও তেওঁলােকে আল্লাক বিচাৰি নাপায়। কিয়নাে জীৱনকালত তেওঁলােকে কোনােদিন আল্লাই নির্দেশ কৰা বাটেৰে খােজ দিয়া নাই। কেৱল বিষয় বাসনাত নিমজ্জিত হৈ নিজ স্বার্থহে পূৰণ কৰিছে। তেনে লােকে আল্লাৰ সন্ধান নাপায়। দৰাচলতে আল্লা লুকাই থাকে প্রকৃত মুছলমানৰ অন্তৰত। সৎকর্ম আৰু সৎ জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰা মুছলমানৰ আত্মাত আল্লা সদায় বিৰাজমান। তেনে লােকেই আল্লাক স্মৰণ কৰি তেওঁৰ কৃপা লাভ কৰে আৰু সংসাৰ সাগৰ পাৰ হয়। পাৰ্থিৱ সুখ ত্যাগি দয়াৰ গৰাকী আল্লাৰ নাম স্মৰণ (জিকিৰ কৰি জীৱই সংসাৰ সাগৰ পাৰ কৰাৰ চেষ্টাত ব্রতী হ’ব লাগে—কবিতাটোৰ মাজত এনে গভীৰতত্ত্বই নিহিত হৈ আছে |
জিকিৰ কৱিতাটোৰ মূলভাৱ
Reviewed by Saba question and answer
on
July 14, 2023
Rating: