অতিৰিক্ত প্রশ্নোত্তৰ history c 1

 অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক -১)


প্রশ্ন ১। বন্দে মাতৰম বোলা গীতটিৰ ৰচক কোন আছিল? [HSLC 2011, 2014]


উত্তৰ: বংকিমচন্দ্ৰ চেটাৰ্জী।


প্রশ্ন ২ I কাৰ কাৰ্যকালত ‘বংগ বিভাজন আঁচনিখন’ কাৰ্যকৰী কৰা হৈছিল? [HSLC 2014]


উত্তৰ : লর্ড কার্জনৰ দিনত।


প্রশ্ন ৩। কোনখন আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰজনক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল ?


উত্তৰ : ভাৰত পৰিষদ আইন।


প্রশ্ন ৪। লর্ড মিন্টো কোন আছিল ? [HSLC 2013]


উত্তৰ : ব্ৰিটিছ ভাৰতবৰ্ষৰ এজন ভাইচৰয় আছিল।


প্রশ্ন ৫। ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা কিমান আছিল?


উত্তৰ : ১,০৬,৫৪০ বর্গ মাইল।


প্রশ্ন ৬। বাল গংগাধৰ তিলকে সম্পাদনা কৰা ৰাতৰি কাকতখনৰ নাম কি ?


উত্তৰঃ কেশৰী।


প্রশ্ন ৭। ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো কোনে প্রতিষ্ঠা কৰে?


উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্ট তাৰিখে।


প্রশ্ন ৮। মুছলিম লীগৰ প্ৰথম অধিবেশন ক’ত বহিছিল?


উত্তৰ: লাহোৰত ৷


প্রশ্ন ৯। ‘জাতীয় শিক্ষা পৰিষদ’ কোনে আৰু কেতিয়া গঠন কৰিছিল?


উত্তৰ : ৰাসবিহাৰী বসুৰ চেষ্টাত ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে।


প্রশ্ন ১০। “স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য” এই কথাষাৰ কোনে কৈছিল?


উত্তৰ : লোকমান্য বাল গংগাধৰ তিলকে।


প্রশ্ন ১১। বংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি কি?


উত্তৰ: অসম আৰু বংগ প্রদেশ।


প্রশ্ন ১২। অসম নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল?


উত্তৰ : ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত।


প্রশ্ন ১৩। ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা ‘নাইটহুড’ উপাধি কোনজন ভাৰতীয় নেতাই ঘূৰাই দিছিল?


উত্তৰ: গোপাল কৃষ্ণ গোখলেই।


প্রশ্ন ১৪। ‘পূববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী ক’ত স্থাপন কৰা হৈছিল?


উত্তৰ: ঢাকাত।


প্রশ্ন ১৫। কোনে সুবিখ্যাত ‘বংগ মাতা’ ছবিখন অংকন কৰিছিল?


উত্তৰ: অবনীন্দ্ৰনাথ ঠাকুৰে।


প্রশ্ন ১৬। স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ কিমানখন জাতীয় বিদ্যালয় গঢ়ি উঠিছিল ?


উত্তৰ: সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিকজাতীয় বিদ্যালয় গঢ়ি উঠিছিল।


প্রশ্ন ১৭। স্বদেশী আন্দোলনৰ সময়ত ৰচিত ‘বংগলক্ষ্মী ব্রতকথা’ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন আছিল?


উত্তৰ: বামেন্দ্ৰসুন্দৰ ত্রিবেদী।


প্রশ্ন ১৮। স্বদেশী আন্দোলনৰ সময়ত ৰচিত ‘নব্য ভাৰত’ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল ?


উত্তৰ: কাৰ্তিক চন্দ্ৰ দাশগুপ্ত।


প্রশ্ন ১৯। ‘জয় সংগীত’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?


উত্তৰ: প্রমথ নাথ ৰায়চৌধুৰীয়ে।


প্রশ্ন ২০। নৱ গঠিত পূর্ব বংগ আৰু অসমৰ মুঠ জনসংখ্যা কিমান আছিল?


উত্তৰ: ৩১ নিযুত।


প্রশ্ন ২১। পূর্ববংগ আৰু অসমৰ মুঠ অসমীয়া ভাষীৰ সংখ্যা কিমান আছিল?


উত্তৰ : ১৩,৪৯,৭৮৪ গৰাকী।


প্রশ্ন ২২। নৱ গঠিত প্ৰদেশ পূর্ববংগ আৰু অসমৰ মুঠ বাংলাভাষীৰ পৰিসংখ্যা কিমান আছিল?


উত্তৰ: ২,৭২,৭২,৮১৫ গৰাকী।


প্রশ্ন ২৩। অবিভক্ত বংগদেশত কিমান বঙালী মানুহ আছিল?


উত্তৰ : ১৮ নিযুত।


প্রশ্ন ২৪। অবিভক্ত বংগদেশত কিমান বিহাৰী আৰু উৰিয়া মানুহ আছিল?


উত্তৰ: ৩৬ নিযুত।


প্রশ্ন ২৫। কিমান চনত আৰু ক’ত জাতীয় শিক্ষা পৰিষদ’ গঠন কৰা হৈছিল?


উত্তৰ : ১৯০৬ চনৰ ১৫ আগষ্টত, কলিকতাত।


প্রশ্ন ২৬। ১৯০৫ চনত বেনাৰসত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?


উত্তৰ : গোপাল কৃষ্ণ গোখলেয়ে।


প্রশ্ন ২৭। ১৯০৮ চনৰ ডিচেম্বৰ মাহত দেশান্তৰিত কৰা দুজন আগশাৰীৰ নেতাৰ নাম লিখা।


উত্তৰ :-কৃষ্ণ কুমাৰ মিত্ৰ আৰু অশ্বিনী কুমাৰ দত্ত।


প্রশ্ন ২৮। বাল গঙ্গাধৰ তিলক ক’ৰ মানুহ আছিল?


উত্তৰঃ মহাৰাষ্ট্ৰৰ ।


প্রশ্ন ২৯। হৰিসৰ্বোত্তম ৰাও কৰ মানুহ আছিল?


উত্তৰ : অন্ধ্র প্রদেশৰ।


প্রশ্ন ৩০। চিদাম্বৰম পিল্লাই কৰ মানুহ আছিল?


উত্তৰ : মাদ্ৰাজৰ।


প্রশ্ন ৩১। কাৰ নেতৃত্বত কলিকতাত জাতীয় কলেজ স্থাপন কৰা হৈছিল?


উত্তৰ : অৰবিন্দ ঘোষৰ নেতৃত্বত।


প্রশ্ন ৩২ । বংগ ভংগ আঁচনি বিৰোধিতা কৰা এজন বঙালী জাতীয়তাবাদী ৰাজনৈতিক নেতাৰ নাম লিখা।


উত্তৰ : সুৰেন্দ্ৰনাথ বেনার্জী।


প্রশ্ন ৩৩। কিমান চনত লর্ড কার্জনে পূর্ব বংগ আৰু অসম নামে এখন নতুন প্রদেশ গঠন কৰিছিল ?


উত্তৰ : ১৯০৫ চনৰ ২০ জুলাইত।


প্রশ্ন ৩৪। বংগ ভংগ বিৰোধী আন্দোলনৰ সময়ত হোৱা ৰুছ আৰু জাপানৰ যুদ্ধত কোনে জয়লাভ কৰিছিল?


উত্তৰ : জাপানে (১৯০৪-০৫)।


প্রশ্ন ৩৫। কি অপৰাধত ব্ৰিটিছ চৰকাৰে ক্ষুদিৰাম বসুক ফাঁচী দিছিল?


উত্তৰ : এজন ব্ৰিটিছ বিষয়াক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত ১৯০৮ চনত ক্ষুদিৰাম বসুক ফাঁচী দিছিল।


প্রশ্ন ৩৬। কোনটো ৰাজনৈতিক সংগঠন গঢ়ি তোলাত লর্ড মিন্টোৱে মুছলমানসকলক সহায় কৰিছিল?


উত্তৰ : মুছলিম লীগ সংগঠন।


প্রশ্ন ৩৭। জন মার্লি কোন আছিল?


উত্তৰ : ভাৰতৰ পৰিক্ৰমা মন্ত্ৰী।


প্রশ্ন ৩৮। কাৰ নেতৃত্বত ১৯০৬ চনৰ ১ অক্টোবৰত এটি মুছলমান সঁজাতি দলে ছিমলাত ভাইচৰয় লৰ্ড মিণ্টোৰ লগত গোপন আলোচনাত মিলিত হৈছিল?


উত্তৰ : কৰ্ণেল ডানলপ স্মিথৰ নেতৃত্বত।


প্রশ্ন ৩৯। হিন্দুসকলৰ মাজতেই বিভাজনমুখী ৰাজনীতিৰ প্ৰৱৰ্তনৰ কথা চিন্তা কৰা ভাৰত পৰিক্ৰমাৰ মন্ত্ৰীজনৰ নাম কি আছিল?


উত্তৰ: লর্ড হেমিলণ্টন।


প্রশ্ন ৪০। কোনে আৰু কাৰ নেতৃত্বত অৰুণডেল সমিতি গঠন কৰা হৈছিল?


উত্তৰ: লর্ড মিণ্টোৱে ছাৰ এ. টি. অৰুণডেলৰ নেতৃত্বত ১৯০৬ চনত।


প্রশ্ন ৪১। কোনটো ধ্বনিক বংগদেশত অবৈধ ঘোষণা কৰা হৈছিল ?


উত্তৰ : বন্দে মাতৰম।


প্রশ্ন ৪২। কাৰ শাসন কালছোৱাক ভাৰতবৰ্ষত মুছলমান সাম্প্রদায়িক ৰাজনীতিৰ “বীজৰ গজালি ওলোৱা যুগ” বুলি কোৱা হয়?


উত্তৰ: লর্ড মিণ্টোৰ।


প্রশ্ন ৪৩। কাৰ শাসন কালছোৱাক ভাৰতবৰ্ষত মুছলমান সাম্প্রদায়িক ৰাজনীতিৰ “বীজ সিচাৰ যুগ” বুলি কোৱা হয়।


উত্তৰ: লর্ড কার্জনৰ।


প্রশ্ন ৪৪। বংগ-ভংগ আঁচনি বাতিল কৰাৰ আগতে ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা ক লৈ স্থানান্তৰিত কৰা হৈছিল?


উত্তৰ: দিল্লীলৈ।


প্রশ্ন ৪৫। ইংলেণ্ড চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল?


উত্তৰ: ১৭৭৩ চনত।


প্রশ্ন ৪৬। কেতিয়া এলাহাবাদৰ সন্ধি স্বাক্ষৰিত হৈছিল?


উত্তৰ : ১৭৬৫ চনত।


প্রশ্ন ৪৭। কাৰ কাৰ মাজত এলাহাবাদ সন্ধি স্বাক্ষৰিত হৈছিল?


উত্তৰ: মোগল সম্রাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত।


প্রশ্ন ৪৮। কেতিয়া বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দুর্ভিক্ষ হৈছিল?


উত্তৰ : ১৮৬৬ চনত।


প্রশ্ন ৪৯। বংগ বিভাজনৰ সময়ত লর্ড কার্জনক সহায় কৰা লোকদুজনৰ নাম কি কি?


উত্তৰ : মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এন্দু ফ্ৰেজাৰ আৰু অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড।


প্রশ্ন ৫০। সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল?


উত্তৰ: কৃষ্ণকুমাৰ মিত্র।


প্রশ্ন ৫১।“হে বংগ জননী, স্বৰ্ণ প্ৰসাৱিনী… শিখেছি সবাই কবিতে ভাবনা, বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিছ…” গীতটোৰ ৰচয়িতা কোন?


উত্তৰ: মুকুন্দ দাস।


প্রশ্ন ৫২। কাৰ নেতৃত্বত ‘ছাত্র সংসদ’ গঠন হৈছিল?


উত্তৰ : সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায়৷


প্রশ্ন ৫৩৷ ‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগৱান…” গীতটিৰ ৰচয়িতা কোন?


উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ I


প্রশ্ন ৫৪। বৰ্জনৰ অৰ্থ স্বদেশীকতা আৰু স্বদেশীকতাৰ সমাৰ্থ হ’ল ইংৰাজৰ লগত সর্বতোপ্ৰকাৰে অসহযোগিতা কৰা।” কথাবাৰ কাৰ।


উত্তৰ : অৰবিন্দ ঘোষ।


প্রশ্ন ৫৫। ‘বংগ মাতা’ ছবিখনৰ চিত্ৰকৰ কোন?


উত্তৰ: অবনীন্দ্রনাথ ঠাকুৰ।


প্রশ্ন ৫৬। ‘আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি’ গীতটোৰ ৰচয়িতা কোন?


উত্তৰ : কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।


প্রশ্ন ৫৭। “ভাই ভাই এক ঠাই” প্ৰবন্ধখনৰ ৰচয়িতা কোন?


উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ।


প্রশ্ন ৫৮। কাৰ প্ৰচেষ্টাত ‘বংগীয় কলা সংসর্গ’ নামে জাতীয় অনুষ্ঠানটো গঢ় লৈ উঠিছিল?


উত্তৰ : অবনীন্দ্ৰনাথ ঠাকুৰ।


প্রশ্ন ৫৯। কোনে ‘বংগ মাতা’ ক ‘ভাৰত মাতা’ৰ ৰূপ প্ৰদান কৰিছিল।


উত্তৰ : ভগিনী নিবেদিতা।


প্রশ্ন ৬০। ‘ভাৰতী’ নামৰ পত্রিকাখনৰ সম্পাদক কোন?


উত্তৰ: সৰলা দেৱী চৌধুৰীনী।


প্রশ্ন ৬১। বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুর্মদ আৰু বিপজ্জনক” কোনখন কাকতত প্ৰকাশ পাইছিল ?


উত্তৰ : ডেইলী টেলিগ্রাফ।


প্রশ্ন ৬২। কিমান তাৰিখে আৰ চি দত্তৰ পৌৰোহিত্যত বাৰানসীত অনুষ্ঠিত প্রথম ভাৰতীয় উদ্যোগ সন্মিলন’ত স্বদেশী উদ্যোগসমূহ সক্ৰিয় হৈ উঠিছিল ?


উত্তৰ : ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰত।


প্রশ্ন ৬৩। বংগ বিভাজনৰ সময়ত আলীগড় কলেজৰ অধ্যক্ষ কোন?


উত্তৰঃ উইলিয়াম আকবল্ডক।

অতিৰিক্ত প্রশ্নোত্তৰ history c 1  অতিৰিক্ত প্রশ্নোত্তৰ history c 1 Reviewed by Saba question and answer on August 04, 2023 Rating: 5
'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();
Theme images by enjoynz. Powered by Blogger.