দূৰদৰ্শন বা টেলিভিশন-ৰচনা

 

দূৰদৰ্শন বা টেলিভিশন-ৰচনা

 

 

আৰম্ভণিঃ  কুৰি শতিকাত বিজ্ঞানৰ এটি মহৎ আৰু বিষ্ময়কৰ আৱিষ্কাৰ   টেলিভিশন। টেলিভিশ্যন ইংৰাজী শব্দ, ইয়াৰ অৰ্থ ', দূৰৰ দেখা কার্য। সেয়েহে ভাৰতীয় ভাষাত দূৰদৰ্শননামকৰণ কৰা সঠিক হৈছে। দূৰদৰ্শনৰ দ্বাৰা আমি ঘৰতে গোটেই পৃথিবীৰ বিভিন্ন বাতৰি, কথা-ছবি, খেল আদি চাব পাৰোঁ।

 

আৱিষ্কাৰঃ ৰেডিঅ' দৰে দূৰদৰ্শনাে এক বিষ্ময়কৰ অৱদান। ১৯২৫ খ্রীঃত হে দূৰদৰ্শন আবিষ্কৃত হয়। ৰেডিঅআৱিষ্কাৰৰ পাছত গ্রাহক যন্ত্রত (বাকচত) শব্দৰ লগতে দৃশ্য দেখাৰ উপায় চিন্তা কৰিবলৈ বৈজ্ঞানিক সকলে যত্ন কৰিছিল। জার্মানীৰ পল নিপকোৱে এই সম্পর্কে গৱেষণা কৰিছিল। তেওঁৰ পাছত অন্যান্য বৈজ্ঞানিক সকলেও সেই চেষ্টা এৰি দিয়া নাছিল। অৱশেষত ১৯২৫-২৬ খ্রীঃৰ ভিতৰত ইংৰাজ বৈজ্ঞানিক জন লগি বেয়ার্ডে আধুনিক পদ্ধতিৰ দূৰদৰ্শন আৱিষ্কাৰ কৰে। ১৯৩৬ খ্রীঃত ইংলণ্ডৰ বৃটিছ ব্রডকাষ্টিং কৰপ'ৰেছনে (B.B.C) প্রথমে দূৰদৰ্শন যােগে বাতৰি আদি প্ৰচাৰ কাৰ্য আৰম্ভ কৰে। ভাৰতবৰ্ষত ১৯৫৯ খ্রীঃত আৰু অসমত ১৯৮২ খ্রীঃত দূৰদৰ্শনৰ ব্যৱস্থা আৰম্ভ হয়।

 

নিমার্ণ কার্যঃ  দূৰদৰ্শন বা টেলিভিশন বিদ্যুতৰ দ্বাৰা চালিত যন্ত্র। ইয়াৰ নিমার্ণ কার্য অতি জটিল, যন্ত্ৰটো খুলিলে ভিতৰত সৰু-বৰ অসংখ্য তাঁৰ আৰু যন্ত্র দেখিবলৈ পােৱা যায়। ফটো ইলেট্রিক এফেক্টৰ দ্বাৰা প্রথমে পােহৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰা হয়। শক্তিশালী কেমেৰাৰে এই কাম কৰিব পাৰি। বৈদ্যুতিক শক্তিক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰি তৰংগৰ যােগে ইথাৰত প্ৰেৰণ কৰা হয়। গ্রাহক যন্ত্রই তাক ধৰিলেই দৃশ্য প্রকাশ হয়। ফটো ইলেকট্রিক এফেক্টৰ দ্বাৰা যি দৰেই পােহৰ তাৰতম্য কৰি পঠোৱা হয়, গ্রাহক যন্ত্ৰটো তাকেই প্রতিফলিত কৰে। সেয়েহে আমি দূৰদৰ্শনত পােহৰৰ তাৰতম্য দেখিবলৈ পাওঁ। এই পদ্ধতিৰ বাবে নির্দিষ্ট তৰংগ আৰু দূৰত্বৰ সীমা নির্ধাৰণ কৰা হয়। এটা দূৰদৰ্শন কেন্দ্রই প্রেৰণ কৰা দৃশ্য আৰু শব্দকেই কেন্দ্ৰৰ এলেকাৰ অঞ্চলত পৰিস্কাৰভাৱে দেখা যায়। সাধাৰণতে দূৰদৰ্শনৰ ছবি বগাকলা পদ্ধতিতে দেখা যায়। ৰঙীণ দূৰদৰ্শনৰ ক্ষেত্ৰত বিশেষ ভাৱে নির্মিত কেমেৰাই ৰঙা, নীলা আৰু সেউজীয়া এই তিনিটা ৰঙৰহে দৃশ্য প্ৰেৰণ কৰে। এই তিনিটা ৰঙে অন্যান্য বঙলৈ পৰিৱৰ্তন কৰি লব পাৰে। ১৯৫৩ খ্রীঃত ৰঙীণ টেলিভিশন আৱিষ্কাৰ হয়।

 

 

উপকাৰঃ  বিজ্ঞানৰ শ্ৰেষ্ঠ অৱদান, দূৰদৰ্শন পৃথিৱীৰ অন্যতম প্রচাৰ মাধ্যম। এখন দেশ, জাতিৰ দাপােনৰ দৰে। দূৰদৰ্শনে পৃথিৱীক নিচেই ওচৰ চপাই আনিলে। চকুৰ পচাৰতে দেশ-বিদেশৰ সকলাে খা-খবৰ, সাংস্কৃতিক জগৎ, জ্ঞানবিজ্ঞানৰ, ৰাজনীতি, খেলা-ধূলা আদি মানৱ জীৱনৰ লাগতীয়াল সকলাে দিশ ইয়াৰ দ্বাৰা উপভােগ কৰিব পাৰি। শিক্ষা জগতৰৰ শক্তিশালী মাধ্যম। বিভিন্ন চেনেলৰ দ্বাৰা কেন্দ্ৰবােৰ নিয়ন্ত্রিত হয়। ডিচকভাৰী’, ‘ জিঅ'গ্ৰাফীআদি শিক্ষামূলক চেনেল।

 

 

অপকাৰিতাঃ  যদিও এই যন্ত্রই আমাক জ্ঞান আহৰণৰ সুবিধা দিছে, ঠিক সেইদৰে উপযুক্ত ব্যৱহাৰ কৰিব নাজানিলে ইয়াৰ দ্বাৰা অপকাৰাে নােহােৱা নহয়। ওচৰৰ পৰা বহু সময় চালে আমাৰ চকুৰ অনিষ্ট ' পাৰে। অনবৰতে চাই থাকিলে পঢ়া-শুনাতাে ব্যাঘাত জন্মে। কিছুমান কোম্পানীৰ বিজ্ঞাপনাে হানিকাৰক। দূৰদৰ্শনে বয়স্থ লােকৰাে চিন্তা-ভাৱনাত ব্যাঘাত জন্মাইছে। সেইবাবে কোনােৱে ইয়াকনিবোধৰ বাকচবুলিও কয়। গতিকে কার্য-সূচী প্রণয়ন কৰোঁতে যেনেকৈ দূৰদৰ্শনৰ কেন্দ্র সমূহে সাৱধান হােৱা উচিত, তেনেকৈ দূৰদৰ্শনৰ কাৰ্যসূচী চোৱাৰাে নির্দিষ্ট সময় বান্ধি লাগে। বিজ্ঞানৰ এই শ্রেষ্ঠ অৱদানক সু-বিবেচনাৰে কৰি উপভােগ কৰিব লাগে।

 

দূৰদৰ্শন বা টেলিভিশন-ৰচনা দূৰদৰ্শন বা টেলিভিশন-ৰচনা Reviewed by Saba question and answer on August 01, 2023 Rating: 5
'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();
Theme images by enjoynz. Powered by Blogger.