❒ নবীকৰণযোগ্য সম্পদ :and ❒ অনবীকৰণযোগ্য সম্পদ :-

 


 

  • ➺ নবীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ, যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থাকিলেও নিঃশেষ হৈ নাযায় অথবা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে পুনৰায় সৃষ্টি কৰিব পৰা যায়। নবীকৰণযোগ্য সম্পদক সেয়েহে পুনঃপূৰ্ণীকৃত সম্পদ বুলিও কোৱা হয়। এই সম্পদবোৰ জীৱীয় মূলৰ। নবীকৰণযোগ্য সম্পদ সৃষ্টি কৰোতে বহু সময়ত মানুহৰ ক্ৰিয়া-কৌশল, পৰিশ্ৰম আদিৰ প্ৰয়োজন হয়।

  • ➺ সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, বায়ু ইত্যাদি হৈছে নবীকৰণযোগ্য সম্পদৰ কিছুমান উদাহৰণ। এই প্ৰাকৃতিক সম্পদসমূহ সহজে পৃথিৱীৰ পৰা নিঃশেষ হৈ নাযায় তথা এইবোৰক পুনৰ সৃষ্টি কৰিব পাৰি।

❒ অনবীকৰণযোগ্য সম্পদ :-

  • ➺ অনবীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ, যিবোৰ সম্পদৰ ভাণ্ডাৰ প্ৰাকৃতিকভাৱে সীমিত । ব্যৱহাৰৰ লগে লগে এই সম্পদৰ ভঁৰাল নিঃশেষ হৈ গৈ থাকে । এই সম্পদবোৰ সাধাৰণতে পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে পুনৰায় সৃষ্টি কৰিব পৰা নাযায় তথা সৃষ্টি কৰিবলৈ বহু যুগৰ প্ৰয়োজন হয় । সেয়েহে এনে সম্পদক পুনঃসৃষ্ঠিহীন সম্পদ বুলিও কোৱা হয়।অনবীকৰণযোগ্য সম্পদবোৰ অজীৱীয় মূলৰ।

  • ➺ কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ ইত্যাদি হৈছে অনবীকৰণযোগ্য সম্পদৰ কিছুমান উদাহৰণ। এই প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰি থাকিলে পৃথিৱীৰ পৰা নিঃশেষ হৈ যায় ।
❒ নবীকৰণযোগ্য সম্পদ :and ❒ অনবীকৰণযোগ্য সম্পদ :- ❒ নবীকৰণযোগ্য সম্পদ :and ❒ অনবীকৰণযোগ্য সম্পদ :- Reviewed by Saba question and answer on August 05, 2023 Rating: 5
'; (function() { var dsq = document.createElement('script'); dsq.type = 'text/javascript'; dsq.async = true; dsq.src = '//' + disqus_shortname + '.disqus.com/embed.js'; (document.getElementsByTagName('head')[0] || document.getElementsByTagName('body')[0]).appendChild(dsq); })();
Theme images by enjoynz. Powered by Blogger.